পৃষ্ঠা:ধৰম গিত.djvu/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৩

তেঁও প্ৰথমতে কলিকতাত জিমন দিন থাকিবলৈ ইচা কৰিচিল, তাতকৈও অধিক দিন হল; কিয়নো অনেক লোকেৰে দেখা দেখি হোআত, আৰু নাচনিয়াৰ, বাজনাৰ আদি কৰি সকলো ৰঙ্গ চোআত, আৰু অনেক বিধৰ সাজ কাপৰ জুগুত কৰাতে তেঁও বিয়াকুল হৈ আচিল, সেই কাৰনে থিৰ কৰা দিনত জাব নোআৰিলে। আৰু মান্যৱন্ত স্মিথ চাহাব অনেক দিনৰে পৰা তেঁওৰ মিতিৰ বুলি জানিচিল, তথাপি তেঁওৰ ঘৰত থাকোঁতে তেঁও মনত দুখেৰেহে আচিল, কিয়নো স্মিথ চাহাবে সদাই ধৰম আচাৰ বেৱহাৰ কৰি থকাত, হেনৰিৰ মাকে তাক সহিব নোআৰিচিল।

 হেনৰিৰ মাকে উজাই গৈ বৰ্হমপুৰত থকা বেৰন মেম চাহাবে সৈতে দেখা দেখি হবলৈ ইচা কৰিলত, হেনৰিএ সুনি অতি আনন্দিত হল, কিয়নো সেই বেৰন মেমেই হেনৰিক ধৰমৰ কথা সিকাইচিল; কিন্তু স্মিথ চাহাবৰ ওচৰৰ পৰা বিদাই লোআ সময়ত সি অনেক ক্ৰন্দন কৰিলে। পাচে সকলো নাৱত উঠি

ঘ ৪