পৃষ্ঠা:ধৰম গিত.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৯

প্ৰাৰ্থনাও কৰিবা জেন ইস্বৰে তাতে আসিৰ্বাদ দিএ। হে মোৰ প্ৰিয়, ইস্বৰে আপোনাৰ ধৰম সাস্ত্ৰৰ বাক্য সিধি ন কৰিব, এনে ভই কদাচিতো ন কৰিবা। চোআ! ইস্বৰে কই বোলে, বৰখুন আৰু হিম জেনেকৈ আকাসৰ পৰা পৰি, আকও সেই ঠাইলৈ উভতি ন গৈ, কঠিয়া সিচোঁতাক, আৰু খোআবিলাকক খাবলৈ দিয়াৰ কাৰনে প্ৰিথিবিকহে তিয়াই, আৰু তাতে কঠিয়া গজিব পৰা, আৰু গোট ধৰিব পৰা কৰাই, তেনেকৈ মোৰ মুখৰ পৰা বাহিৰ হোআ কথাও নিচয়ে হব। সি মোৰ ওচৰলৈ বিফল হৈ নুলটিব, কিন্তু জি মই নিয়ম কৰিচোঁ তাক পুৰ কৰিব, আৰু জি কাৰনে মই তাক পঠালোঁ তাকেহে সিধি কৰিব। য়িচয়া ৫৫ আধ্যাৰ ১০। ১১ পদ। স্মিথ চাহাবে আৰু কলে, বোলে, প্ৰিয় লৰা, তুমি জে আসকতিয়া হৈচা, এতেকে তুমি বেহেৰাই সৈতে বাদ বিচাৰ ন কৰিবা, কেৱল তাৰ আগত ধৰম সাস্ত্ৰ পৰ্হিবা, আৰু সদাই তাৰ নিমিতে প্ৰাৰ্থনা কৰি ইস্বৰলৈ ভাৰসা কৰা।

ঘ ২