পৃষ্ঠা:ধৰম গিত.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৮

তাক বেহেৰাৰ আগত পৰ্হিবলৈ উপাই কৰিবা নে? জি ভাসা বা আখৰেৰে ভাঙ্গি লিখা হব, সেই ভাসাৰ আখৰ তোমাক সিকাম।

 হে। হই, মই তাক আনন্দেৰে সিকিম।

 স্মিথ চাহাব। বাৰু মোৰ চেনেহৰ লৰা, তুমি নিতৌ ৰাতি পুআ ৰাতি পুআ মোৰ খোঁটালিলৈ আহিবা, মই তোমাক ফাৰচিৰ আখৰ সিকাম; কিয়নো মই জি জি আধ্যা তাৰ আগত পৰ্হিবলৈ তোমাক দিম, তাক সেই আখৰেৰে ভাঙ্গি লিখা হব, আৰু ক্ৰমেৰে ধৰম পুথিৰ সকলো ভাগ এই দৰেই ভাঙ্গি লিখা হব।

 হে। তাৰ মাতো সকলোবোৰ ফাৰচিএ হব নে? মই জানিচোঁ বেহেৰাই ফাৰচি নু বুজিব।

 স্মিথ চাহাব। ন হই মোৰ প্ৰিয় লৰা, জি ভাসাৰে দিনে দিনে তুমি সিবিলাকে সৈতে কথা বাত্ৰা হোআ, সেই ভাসাৰেই লিখা হব, আখৰ মাথোন ফাৰচি। এই ৰুপে জিমান ভাঙ্গি লিখা হব, তাকে তুমি নিতৌ নিতৌ তোমাৰ বেহেৰাৰ আগত পৰ্হিবা; আৰু নিতৌ