পৃষ্ঠা:ধৰম গিত.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হে। হে চাহাব, তেন্তে বেহেৰা খ্ৰিষ্টিয়ান হবৰ আসা মই এৰি লাগিব নে? অস! অস! মোৰ প্ৰিয় বেহেৰাই ওপজাৰে পৰা মোক পালন কৰি আচে।

 স্মিথ চাহাব। হে মোৰ মৰমৰ লৰা, বেহেৰাক ওলোটাবলৈ মই তোমাক এটা ভাল বাট দেখাব পাৰোঁ, জিহকে তুমি সুচল পাবা, আৰু তাৰ কাৰনে অতি ভালো হব। বেহেৰাই পৰ্হিব পাৰে নে, নোআৰে?

 হে। অলপমান পৰ্হিব পাৰে।

 স্মিথ চাহাব। তেনে হলে তাৰ আগত পৰ্হিবলৈ তুমি সিকিব লাগে।

 হেনৰিএ বোলে, সেয়ে নো কেনেকৈ হব পাৰে?

 স্মিথ চাহাব কলে, মানুহক স্ৰজন কৰা, আৰু পাপত পৰাৰ কথা, আৰু ত্ৰান কৰ্তা অহাৰো প্ৰথম অঙ্গিকাৰ, এনে ধৰম পুথিৰ প্ৰথম ভাগৰ দুই তিনি আধ্যা, অৰু সুভ বাত্ৰাৰৰো কোনো কোনো ভাগ, জদি ভাঙ্গি তোমাৰ কাৰনে বেহেৰাৰ ভাসাৰে লিখোঁ, তেন্তে তুমি