পৃষ্ঠা:ধৰম গিত.djvu/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৬

কি উপদেস দিচিল, এই সকলোকে সুধিলে। স্মিথ্‌ চাহাব আৰু হেনৰিএ কথা বাত্ৰা হোআৰ সেস ভাগ ইয়াতে লিখিচোঁ।

 স্মিথ্‌ চাহাবে হেনৰিত সুধিলে। বেহেৰাৰ মন ইস্বৰলৈ পালিটিচে নে, এই কথাত তুমি কি বুজিচা?

 হে। ন হই, তাৰ মন পালটা নাই; কিয়নো প্ৰায়ে চই মাহ হল, মই সদাই তাৰ আগত ইস্বৰৰ কথা কৈচোঁ, তথাপি তাৰ মুৰ্তিবোৰহে স্বৰুপ ইস্বৰ, ইয়াকে সি বুলিবলৈ নেৰে।

 স্মিথ্‌ চাহাব। হে মোৰ প্ৰিয়, তোমাৰ নিচিনা সৰু লৰাই দেও পুজকবিলাকৰ লগত বাদ বিচাৰ কৰিবলৈ নিচয়ে কঠিন; কিয়নে। তুমি স্বৰুপকৈয়ে কোআ, সি ভুলকৈয়ে কওক, তথাপি চইতান জি মিচাৰ আদি পুৰুস হই, সিয়ে আহি জিহেৰে তোমাৰ মুখ বন্ধা হব, এনে কথা তাৰ মুখত দিয়েহি; তাৰেই তোমাৰ মুখ বন্ধন আৰু মনো অথিৰ হৈ জাই,

কিন্তু তাৰ মন থিৰে থাকে, এনে হব পাৰে।