পৃষ্ঠা:ধৰম গিত.djvu/৩১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৫

থাকিবা, সেই সকলো দিন হেনৰি জেন মোৰ চাতৰ হই, তাতে তুমি বিৰকতি নে পাবা। তুমি মোক অনেক বচৰৰ পৰা জানি আচা, কিন্তু কিমান বচৰ, তাক মই ন কঁও, জানো পাচে তুমি আকও বেজাৰ পাবা, এই কাৰনহে বোলো, তুমি মোৰ কথিন বেৱহাৰৰ নিমিতে খেমা কৰিবা।

 হেনৰিৰ মাকে কলে, মই জানোঁ তুমি আন মানুহৰ দৰে নো হোআ; তুমি তোমাৰ মতে চলা, ময়ো মোৰ মতে চলোঁ; ইয়াকে কৈ, ফুৰি জাবৰ নিমিতে কাপৰ পিন্ধিবলৈ গল। তেতিয়া ইয়ে সিয়ে সৈতে একো বেজাৰ ন ৰখাকৈ এই কঠিন কথা বাত্ৰা সাঙ্গ কৰা হল, কিয়নো হেনৰিৰ মাক তেনে খঙ্গাল নাচিল।

 পাচে আবেলি বেলাত হেনৰিৰ মাক গলত, স্মিথ্‌ চাহাবে হেনৰিক আপোনাৰ খোঁটালিলৈ মাতি, তাৰ সকলো কথাৰ বিবৰন, আৰু কোন ডেকা মেম চাহাবে তাক ধৰম পুথি পৰ্হিবলৈ সিকালে, আৰু বেহেৰাৰ মন পালটাবলৈ তেঁও