পৃষ্ঠা:ধৰম গিত.djvu/৩১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৪

নো তাৰ দুবচৰ বয়সৰ সময়তে পল্টনৰ এজন কাপ্তান চাহাবে দানাপুৰত সিয়ে সৈতে অনেক উমলিলে, আৰু তাক কুকুৰ, ঘোঁৰাক মাতিবলৈ, আৰু চাকৰবিলাকক ইংৰাজি মাতেৰে সাও দি গালি পাৰিবলৈ সিকালে। কিন্তু মই ভই কৰোঁ স্মিথ চাহাবে আকও বেজাৰ পাব, কিয়নো মই জানোঁ তেঁও আপুনি মেথোদিষ্ট, অৰ্থাত সাধু। হে স্মিথ মেম চাহাব, এই কথা স্বৰুপ নে অস্বৰুপ? ইয়াকে কৈ আপোনাৰ কথাতে হাঁহিব ধৰিলে। কিন্তু স্মিথ মেমে গধুৰ মনেৰে থাকিল, আৰু স্মিথ চাহাবে স্বৰগৰ ফাললৈ চাই কলে, সৰ্বশক্তিমান ইস্বৰে তোমাৰ মন পালটাওক।

 হেনৰিৰ মাকে বুলিলে, হে স্মিথ চাহাব, তুমি এই কথা অতি কঠিন ৰুপে বুজিচা; কিন্তু মই কেৱল ৰঙ্গকৈহে কৈচিলোঁ।

 স্মিথ চাহাবে বুলিলে, তেন্তে মই তাৰ প্ৰমান কৰিম। জদি তুমি ধৰমৰ নাইবা ধৰমি লোকবিলাকৰ অহিতে একো বেয়াকৈ নে ভাবা, তেন্তে জেতে দিন তুমি আমাৰ ঘৰত