পৃষ্ঠা:ধৰম গিত.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৩

কলো, এতিয়া অৰুি ন কঁও। জিহকে এতিয়া মই দেখিলোঁ তাৰ কাৰন বুজিবলৈ চাও, অৰ্থাত সাত বচৰ বয়সিয়া এটা সৰু ইংৰাজি লৰাই, আপোনাৰ বেহেৰাক ধৰম পুথি বুজাব লাগিচে। সেই লৰাই পৰ্হিব পাৰে বুলিএই নে জানিলোঁ।

 হেনৰিৰ মাকে কলে, ইয়াৰ কথা মই তোমাক এতিয়াই বুজাব পাৰোঁ। অলপ দিনৰ আগেয়ে পাটনাৰ আমাৰ ঘৰতে এজন ডেকা মেম আহি কিচু দিন আমাৰ লগত আচিল। সেই মেমে তাক পৰ্হিবলৈ সিকালে, এই কাৰনে আমিও তেঁওৰ উপকাৰ মানিচোঁ। আৰু তেঁও তাক অকল পৰ্হায়ে সন্তোস ন হল, কিন্তু লৰাক উল্‌মুলাই উল্‌মুলাই মেথোদিষ্ট, অৰ্থাত তাৰ স্বভাও সাধু কৰিলে; এই কথা অনেক দিনৰ পাচেহে মই জানিলোঁ।

 স্মিথ চাহাবে কলে, মেথোদিষ্ট নো কি?

 হেনৰিৰ মাকে কলে, তেতিয়াৰে পৰা এই লৰাৰ আগৰ নিচিনা বেয়া স্বভাও নাই; কিয়-