পৃষ্ঠা:ধৰম গিত.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫২

 স্মিথ চাহাবে কলে মই তোমাৰ খঙ্গ তুলিবলৈ চোআ নাই; মোক খেমা কৰা; কিন্তু সেই সৰু লৰাই তাতে আপোনাৰ বেহেৰাক ধৰম পুথিৰ অৰ্থ বুজাব লাগিচে।

 হেনৰিৰ মাকে কলে, তুমি নিচয়ে নু বুজিবা আমাৰ বয়স পঞ্চাস বচৰ বুলি। তুমি কুৰি বচৰ মান ভুলকৈহে কৈচা। স্মিথ্‌ মেমে কলে, হে মোৰ প্ৰিয় মেম চাহাব, মোৰ স্বামিক খেমা কৰা, কিয়নো জেতিয়া তেঁও মোৰ ওপৰত কিচু খঙ্গ কৰে, তেতিয়া মোক এনেকৈ বোলে; তথাপি তাক সুনিও মোৰ মনত একো বেজাৰ নে ৰাখোঁ।

 স্মিথ চাহাবে বুলিলে, বাৰু মোৰ প্ৰিয়, মোৰ আপোনাৰ কাৰনে উতৰ দিবলৈ মোক দিয়া। মই সত্যক ঢাকি ৰথা এনে মানুহ ন হঁও। জদি মই কথা কঁও, বা ন কঁও, তথাপি আমাৰ দিন ঢুকাই গৈ ম্ৰিত্যু আৰু পৰকাল ওচৰলৈ অতি সিঘ্ৰে চাপিচে। ৰিতি আচাৰ ৰাখি, কি কাৰনে আমি আপোন আপোন চকুতে ধুলি পেলাই ভুলাঁও; কিন্তু ইমান