পৃষ্ঠা:ধৰম গিত.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫১

জুই ধৰিবলৈ চাকৰক দিও। দেখা তোমোলাক দুয়ো জন প্ৰায়ে পঞ্চাস বচৰ বয়সিয়া হৈও, আপোনাৰ বৰন লগোআ ওমলা বস্তুৰ কাৰনে কথা বাত্ৰা হব লাগিচা, কিন্তু আঠ বচৰ বয়সিয়া লৰাই দেও পুজক এজনৰ আগত ধৰম পুথিৰ কথা প্ৰকাস কৰিব লাগিচে। চোআ! ইস্বৰে গিয়ানৱন্তক লাজ দিবৰ নিমিতে, জগতৰ অগিয়ানিক মনোনিত কৰিলে; আৰু বলৱন্ত লোককো লাজ দিবৰ নিমিতে, জগতৰ নিৰ্বলিক মনোনিত কৰিলে। প্ৰথম কৰিন্তিৰ ১ আধ্যাৰ ২৭ পদ।

 স্মিথ মেমে আপোনাৰ স্বামিক কলে, হে প্ৰিয়, তুমি কি কৈচা? নিচয়ে পাহৰি আচা। বন লগোআ ওমলা বস্তুৰ নিমিতে তুমি কেনে কথা কৈচা? হে মোৰ প্ৰিয়, তুমি নিচয়ে কঠিন মানুহ হোআ।

 হেনৰিৰ মাকে কলে, বোলে, হে স্মিথ চাহাব, তুমি কি বুলিলা? আমাৰ বয়স পঞ্চাস বচৰ নে? তুমি কেনেকৈ জানিচা আমি পঞ্চাস বচৰ বয়সিয়া? এয়ে বৰ আচৰিত কথা!