পৃষ্ঠা:ধৰম গিত.djvu/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৮

কাপৰ দানাপুৰত কৰাইচিল, সেইবোৰ বিলাতৰ পৰা নকৈ অহাবোৰৰ নক্‌চাৰ দৰে ন হই, এই নিমিতে সেই সকলো কাপৰ কাটি, নকৈ সিবৰ কাৰনে দৰ্জিক দেখাই দিয়াত, অৰু ন কাপৰ কিনি তাক সিবলৈ আগ্যা দিয়া মেমৰ অনেক কৰমত দুখ হ'ল। তেঁওৰ চুলিও ন দস্তুৰৰ দৰেৰে বন্ধা ন হৈচিল, আৰু তেঁওৰ ধায়ো কৰমত তেনে পৰিপাটি ন হই, এই কাৰনে পুৰনি দস্তুৰ এৰি, ন দস্তুৰ সিকাতে অনেক দিন গল। এই সকলো কথাৰ বেজাৰেৰে হেনৰিৰ মাকে সেই প্ৰিয় লৰাক পাহৰিলে। হেনৰি অনেক বেলি নৰিয়া হৈ আপোনাৰ বেহেৰাক কলে, বোলে, মোৰ কঁকালত বৰ বেদেনা হৈচে, কিন্তু এনেকুআ হলতো, তাৰ মাকে তাৰ নিমিতে একো বুজ ন ললে।

 স্মিথ চাহাব আৰু তেঁওৰ মেমে দুবেলি মান কলে, বোলে, লৰাৰ কিবা নৰিয়া হৈচে, কিয়নো তাৰ সৰিলৰ বৰন, আৰু তাৰ চকুও এনে গধুৰ দেখা জাই। তাতে হেনৰিৰ মাকে