পৃষ্ঠা:ধৰম গিত.djvu/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৭

নই কৰি কলে, বোলে, প্ৰিয় বেহেৰা, হে মোৰ উতম বেহেৰা, খ্ৰিষ্টিয়ান হবলৈ মন দিয়া; তথাপি সৰু হেনৰিৰ সকলো বিনতি সেই সময়ত বিফল হল।

৬ আধ্যা।

 পাচে সিহঁতে দানাপুৰ এৰি এমাহৰ মুৰত কলিকতা পালেগৈ, অৰুি তেতিয়াই স্মিথ নামেৰে এজন সাধু চাহাবে সিহঁতক আপোনাৰ ঘৰলৈ লৈ গল। হেনৰিৰ মাক সেই চাহাবৰ ঘৰলৈ আহিলত, হেনৰিৰ কাৰনে আগৰ দৰেই একো চিন্তা ন কৰিলে। আৰু তেঁওৰ বেৱহাৰৰ দৰে কলিকতাত থকা আপোনাৰ মিত্ৰ, কুটুম, চিনাকিবিলাকে সৈতে দেখা দেখি হবলৈহে চিন্তা কৰিলে। তেঁও জিবোৰ