পৃষ্ঠা:ধৰম গিত.djvu/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৯

কলে, বোলে, ন হই, ন হই, লৰা ভালে আচে; বঙ্গাল দেসৰ প্ৰায়ে সকলো লৰা এনেকুআ দেখা জাই।

 এদিন আবেলি ভোজন কৰাৰ পাচত, হেনৰিৰ মাক, আৰু স্মিথ চাহাব, আৰু স্মিথ মেম চাহাব একে লগে বহি, এখনি সম্বাদ পত্ৰ জিহতে ইংলণ্ড দেশৰ নতুন ৰথবিলাক, আৰু পিন্ধা কাপৰ আদিৰ কথা লিখা আচিল, তাৰ কাৰনে বিচাৰ কৰি পৰ্হি আচিল। আৰু স্মিথ চাহাব এই সংসাৰৰ বিসয়ত প্ৰেম কৰা ন হই, তথাপি স্মিথ মেম চাহাবে তেঁওৰ দোআৰাই সুন্দৰ ৰুপে সিখ্যা পায়ো, সংসাৰৰ বিসয়ে অধিক কাৰ্বাৰ কৰা হৈচিল; এয়ে বৰ দুখৰ কথা। আৰু স্মিথ চাহাবে সিবিলাকৰ এই সকলো কথা সুনি, অলপ মান বেজাৰ পাই, সেই খোঁটালিৰ মাজতে ফুৰি ফুৰি থাকি, জানো পাচে মেম চাহাববিলকে খঙ্গ কৰে, ইয়াকে ভাবি একো ন কলে। তেতিয়া হেনৰিএ জখলাৰ ওচৰ নিচাঙ্গৰ ওপৰতে বেহেৰাৰ আঁঠৰ মাজত বহি, ধৰম পুথি হাতত লৈ আ-