পৃষ্ঠা:ধৰম গিত.djvu/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪২

আৰু গচৰ পাত ফুলেৰে সোভিত আচিল, দেখিবলৈকো বৰ সুন্দৰ, কিন্তু সৰিলতহে একো স্বস্ত দিয়া কাল ন হই। সন্ধিয়া বেলা লঙ্গৰ পেলাই নাও বান্ধিলেই, হেনৰিএ আপোনাৰ বেহেৰাৰ লগত ফুৰিবলৈ জাই, আৰু কোনো কোনো সময়ত নৈৰ পাৰৰ পৰা আদ ক্ৰোচ মনি দুৰ হৈ গাঁৱত আৰু পথাৰত ফুৰেগৈ। হেনৰিএ তেতিয়ালৈকে একে ঠাইতে নিবাস কৰি আচিল, এই কাৰনে নতুন গাঁও আৰু দেস দেখি তাৰ অতিসই আনন্দ হল; আৰু নানা বস্তু দেখি তাৰ কাৰন সুধি, বেহেৰাই সৈতে ফুৰোঁতে পৰম ইস্বৰ স্ৰিষ্টি কৰ্তাৰ কথাত অনেক বাদ বিচাৰ কৰিচিল। আৰু হেনৰিএ বেহেৰাক কলে, বোলে, জি পৰম ইস্বৰে এই সকলো বস্তু স্ৰজন কৰিলে, তেঁও তোমোলাকৰ দেৱতাবিলাকৰ দৰে হব নোআৰে; কিয়নো তুমি আপুনি কোআ কথাৰ দৰে সিহঁত অতি বেয়া মানুহবিলাকতকৈও দুষ্ট আৰু অগিয়ানি।

 কোনো এক সময়ত ৰাজ্‌মহল পৰ্বতৰ ওচ-