পৃষ্ঠা:ধৰম গিত.djvu/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৩

ৰত থকা এখন সুন্দৰ ঠাইত হেনৰি আৰু তাৰ বেহেৰাই ফুৰিবলৈ গল। কিন্তু হেনৰিৰ মাকে সেই দিনা হেনৰিৰ ওপৰত খঙ্গ কৰিচিলে; এই কাৰনে হেনৰিএ নৰিয়া হৈও তাক প্ৰকাসকৈ ন কলে, কিন্তু নাৱৰ পৰা নামিলত তাৰ বৰ আনন্দ হল। বেলি মাৰ জোআ সময়ত অলপ চেঁচা বতাহ গঙ্গা নৈৰ ওপৰৰ পৰা আহিলত হেনৰিএ কিচু সক্তি পাই, সৰু পৰ্বতৰ ওপৰলৈ গৈ এটা মৈদামৰ ওচৰত বহিল, আৰু চাৰিও ফালে থকা উতম উতম সোভিত থানবোৰ দেখি, বৰ আচৰিত মানি আনন্দিত হল। সিহঁতৰ বাঁও ফালে গঙ্গাৰ বহল সুঁতি ৰাজ্‌মহল পৰ্বতলৈকে বেঁকা বেঁকিকৈ বৈ গৈচিল; তাতে আপোনাৰ সুন্দৰ ৰঙ্গ দিয়া নাও, আৰু আন আন সৰু হোলোঙ্গ নাও বন্ধা আচিল। তেতিয়া চাকৰবিলাক, আৰু নাৱৰ মলা মাজিবিলাকো সকলোএ আপোনাৰ দিনৰ কৰম কৰি এঁটাই, খাবলৈ কাৰ্বাৰ কৰিব ধৰিলে; আৰু আপোন আপোন জাতৰ দৰে বেলেগে বেলেগে বহিল।

গ ৩