পৃষ্ঠা:ধৰম গিত.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
খ্ৰিষ্টৰ স্তুতি।

১৯

“All hail the power of Jesus' name.”
Coronation, C. M.

উবুৰি পৰোক স্বৰ্গৰ দুত,
 জই জই হওক য়িচুৰ নাম;
তেঁওৰ মুৰত দিয়া ৰাজ মুকুট,
 সিংহাসন সৰ্বধাম।

জি চিৰাফ আৰু কিৰুব লোক
  স্বৰগত কৰে গান,
তেঁওক মুকুট পিন্ধাই স্তও কৰোক
 সৰ্বোপৰ ৰাজ মহান।

জি সাখিৰ আত্মা ভেঁটিৰ তল
 তেঁওত কৰে নিবেদন,
প্ৰসংসাক তুলি সেই সকল
 কৰোক তেঁওৰ গুন কিৰ্তন।

স্তও কৰা, ইস্ৰাএল অৱসেস,
 দাৱিদৰ বংস য়িচু,
তেঁওক কৰা ৰজাৰ অভিসেক,
 প্ৰভুৰ ওপৰ প্ৰভু।

খ ২