পৃষ্ঠা:ধৰম গিত.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৪


তেতিয়া য়িচু দয়া কৰি,
ৰখ্যক হৈচিল আপদত।
আপোন তেজ অমুল্য দিয়া,
মোক তৰালে পাপি জন;
ধন্য প্ৰভু, ধন্য, তুমি,
কৰিম সদাই স্তুতি গান।

 মেম চাহাব জাবৰ আগৈএ, হেনৰি সৈতে জিমান কথা বাত্ৰা হৈচিল, সেই সকলো লিখি- বলৈ মোৰ আহৰি নাই।  মেম চাহাবে বিদাই লোআ দিনা হেনৰিএ অধিক ক্ৰন্দন কৰিলে, আৰু তেঁওৰ লগতে নদিৰ পাৰলৈকে গল; কিয়নো মেম চাহাব বৰ্হমপৰ নগৰলৈ জাব লগা হল, আৰু সেই ঠাই পাই, বাৰন নামেৰে এজন ধৰমি চাহাবে সৈতে বিবাহ হল। আৰু মেম চাহাবকো বিদাই লবলৈ হেনৰিএ বজৰা নাৱৰ ওচৰলৈকে গল। মেমেও তাক অনেক বেলি চুমা দিলে, আৰু বেহে- ৰাক চাৰি টকা বক্‌চিচ্ দি কলে, আপোনাৰ সৰু চাহাবক ভালকৈ প্ৰতিপালন কৰিব। হেনৰিএ সৈতে হোআ মেমৰ সেসৰ কথ