পৃষ্ঠা:ধৰম গিত.djvu/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৮

মন বেয়া স্বভাৱৰ পৰা কিহেৰে পালটোআ হব? তেতিয়া আমাৰ প্ৰভু য়িচু খ্ৰিষ্টে জি জি কৰম পাপি লোক সকলোৰ নিমিতে কৰিচিল, তাকে মেমে বুজাই কলে, অৰ্থাত জেনেকৈ তেঁও ইস্বৰ হৈও, মানুহৰ আক্ৰিতি ধৰি, দুখ ভোগ কৰি, পৰিত্ৰানৰ উপাই দিলে; “তেঁও আত্মাতে নিৰ্দুসি কৰা হৈ দুতবিলাকৰ আগত দৰ্সন দিয়া, বিদেসি লোকৰ আগত কিৰ্তন হোআ, আৰু জগতৰ মাজত বিস্বাসৰ পাত্ৰ হৈ স্বৰগলৈ নিয়া হল”। প্ৰথম তিমথি ৩ আধ্যা ১৬ পদ। আৰু জি ৰুপে তেঁওৰ তেজৰ দোআৰাই আমি পৰিত্ৰান অৰ্থাত পাপ মোচন পাইচোঁ, আৰু তেঁওৰ পেৰেঙ্গনিত উলিওআ তেজৰ দোআৰাই সকলোকে আপোনাৰে সৈতে মিল কৰিবলৈ তেঁওৰ আনন্দ অচিল। কলচিৰ ১ আধ্যা ১৪। ২০ পদ।

 সৰু হেনৰিএ ত্ৰান কৰ্তাৰ কথা সুনিলত, তেতিয়া অতিসই আনন্দ মন হল, আৰু ধৰম আত্মাৰ দোআৰাই তেঁওৰ ৰিদই প্ৰভুৰ প্ৰেমেৰে পৰিপূৰ্ন হল, আৰু ত্ৰান কৰ্তাৰ আগ্যা