পৃষ্ঠা:ধৰম গিত.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৭


 পাচে তেঁও হেনৰিক বুজাই কলে, পাপ কৰিলে অনন্ত কাল দুখ ভোগ কৰিব লাগে, তাৰে প্ৰমানৰ নিমিতে অলপ দিনৰ মাজতে হেনৰিক এই দুটা পদ সিকালে; “অধৰমিবিলাক ইস্বৰৰ ৰাজ্যৰ ভাগি ন বহ”। প্ৰথম কৰিন্তি ৬ আধ্যা ৯ পদ। “জি সকল মানুহে আমাৰ আগ্যা ভাঙ্গিলে, সিহঁতৰ স সিহঁতে বাহিৰলৈ গৈ দেখিব; কিয়নো সিহঁতৰ পোক ন মৰিব, আৰু সিহঁতৰ জুইও নুমাই নে জাব, আৰু সিহঁত সকলো প্ৰানিৰ ঘিনোআ বস্তু হব”। য়িচায়া ৬৬ আধ্যা ২৪ পদ।

 মেম চাহাবে আৰু কলে, জগতৰ সকলো লোক আৰু তুমি আপুনিও পাপি হৈচা, পাপৰ সাস্তি অনন্ত নৰক; আপোনাকে ৰখ্যা কৰিবলৈ নিজ সক্তি একো নাই, আৰু জগতৰ কোনো বস্তু দি পাপৰ পৰা মুকুত হবও নোআৰে। সেই কথা বুজি হেনৰিএ অনেক বাৰ মেম চাহাবৰ ওচৰলৈ আহি অসন্তোস লাগি সুধিলে, মই পৰিত্ৰান কেনেকৈ পাম? কেনেকৈ মোৰ পাপৰ খেমা হব, আৰু মোৰ