পৃষ্ঠা:ধৰম গিত.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৬

ভাৰ জেন পালে, কিয়নো সি ভাল বেয়া একো নু বুজে, মিচা কথা কলেও পাপ হই বুলি সি নে জানিচিলে, আৰু চুৰ কৰোঁতে ধৰা ন পৰিলে সি লাজ ন কৰে, এনে অসিখিত আচিল। আৰু জদি কোনোএ তাক দুখ দিএ, তেন্তে তাৰ প্ৰতি হিংসা কৰি দুখ দিলে তাত দোস নাই জেন জানিচিলে। কিন্তু দুই তিনি দিনৰ পাচে মেমে লৰাক এই কথা সুন্দৰ ৰুপে বুজাই দি, জেনেকৈ আমাৰ সকলোৰে চিত নষ্ট হৈচে তাকে সিখ্যা দিলে। আৰু জেতিয়ালৈকে সি ভাল ৰুপে কব পাৰিলে, তেতিয়ালৈকে পাচত লিখা সাস্ত্ৰৰ কথা তেঁও তাৰ মুখত আওৰোআলে। “কোনোএ বুজে নে নু বুজে, কোনোএ ইস্বৰক বিচাৰে নে নি বিচাৰে, ইয়াকে দেখিবলৈ ইস্বৰে স্বৰগত থাকি, মানুহৰ সন্তানবিলাকৰ ওপৰত দ্ৰিষ্টি কৰি চালে; সিহঁত সকলোএ উভতি আচে, সিহঁত সকলো একে লগে মলিন হল, কোনেও সজ কৰম ন কৰে, এজনেও ন কৰে”। দাৱিদৰ ১৪ গিত ২৩ পদ।