পৃষ্ঠা:ধৰম গিত.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৫

 তেতিয়া হেনৰি সুধিলে, পাপ নো কিহক বোলে? মেমে কলে, হে মোৰ প্ৰিয় লৰা, জিহতে ইস্বৰে অসন্তোস পাই সেয়ে পাপ। জদি তোমাৰ মাত্ৰিএ তোমাক কই, মোৰ কেঁঠালিলৈ আঁহা, নাইবা ইয়াকে কৰা, কিন্তু জদি তুমি তাকে নু সুনা আৰু ন কৰা, তেন্তে তোমাৰ ওপৰত তোমাৰ মাৰাই অসন্তোস ন কৰিব নে?

 হেনৰিএ। হই, আমিও এনে বুজোঁ।

 মেমে। আৰু জদি তোমাৰ বেহেৰাক তুমি কোআ, মোক বিচিবা, নাইবা পাল্‌কিত তুলি লৈ জা, সি জদি তাকে ন কৰে; নাইবা তুমি তাক কোআ, মোক এই বাটে লৈ জা, তাতে সি জদি আন বাটে লৈ জাই, তেন্তে তাৰ দোস ন হব নে?

 হেনৰিএ। অৱস্যে হব।

 মেমে। বাৰু, তুমি ইস্বৰৰ আগ্যাৰ বিৰোধে জিহকে কৰা তাতেই ইস্বৰ অসন্তোস হই, আৰু তোমাৰ পাপো হই। হেনৰিক মেমে পাপৰ গুন বুজাবলৈ তেতিয়ালৈকে দুখৰ বৰ