পৃষ্ঠা:ধৰম গিত.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ইস্বৰৰ স্তও।

পিত্ৰিৰ জি মনোনিত,
পুত্ৰৰ জি পাই প্ৰাচিত,
ন জনম আত্মাক্ৰিত,
 তাৰ পৰিত্ৰান।  ন. ব.

Praise to the Creator.
Middleton. 8, 7.

আকাস ভুমণ্ডলৰ মাজে
সুৰ্জ চন্দ্ৰ তৰাগন
আপোন আপোন পথে ঘুৰি,
কৰে প্ৰভুৰ গুন কিৰ্তন।

সৰ্বগিয়ানি জি জন ইস্বৰ
আপোন বাক্যেৰে সকল
আচে কৰি স্ৰজন পালন,
তিনি ভুবনক অকল।

এনে প্ৰতাপ মহিমাৰে
জি জন আচে সকল থান,
সবে কৰোক স্তুতি নতি
অকল তেঁওকে পৰম গান।   ন. ল.

ক ৪