পৃষ্ঠা:ধৰম গিত.djvu/১৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ইস্বৰৰ গুন কিৰ্তন।

The Divine Attributes.
Wilmot. 8, 7.

কেৱল এক জি পৰম ইস্বৰ
 সত্য নিত্য ভগৱন্ত,
সকলোৰে আদি অন্তো
 তেঁও অনাদিও অনন্ত;
স্ৰজন পালন সংহাৰ কৰ্তা
 তেঁওৰ বাহিৰে কোনো নাই,
জিৰন মৰন মুক্তি দাতা
 প্ৰভু সৰ্বানন্দ সদাই।

সৰ্বসক্তি সৰ্বজানি
 অবিনাসি নিৰামই,
সৰ্ববিয়াপি সৰ্বদৰ্সি
 অন্তৰ্জামি দায়ামই;
তেঁও নিস্পাপি পৰমাৰ্থিক
 গুন অসিমা প্ৰেম আধাৰ,
সকল প্ৰভুৰ ওপৰ প্ৰভু
 এই নিৰঞ্জন নিৰাকাৰ।