পৃষ্ঠা:ধৰম গিত.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
দহ জনি কন্যাৰ দ্ৰিষ্টান্ত।

১২৭

The wise and foolish Virgins.
Good Shepherd. 8, 7.

দৰাক আগ বৰ্হাবৰ মনে
 কন্যা কেতেক জনি জাই;
পলম কৰে দৰা জনে,
 কন্যাও ৰল টোপনিয়াই।

মধ্য নিসা ৰাও সুনিলে,
 দৰা আহি ওচৰ হল;
জি কেই জনি তেল আনিলে,
 চাকি বৰ্হাই উঠি গল।

সি কেই জনি হাটে ফুৰি
 গৈ গৈ কৰে তেল বিচাৰ,
বিয়া ঘৰে আহি ঘুৰি,
 দেখে মৰা হৈচে দুআৰ।

তাতে পৰি ক্ৰন্দন কৰে,
 প্ৰভু প্ৰভু, দুআৰ মেলোক;
প্ৰভু মাত লগাই উতৰে,
 মই নি চিনোঁ, পাপি লোক।