পৃষ্ঠা:ধৰম গিত.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিধানৰ সাও।

মোৰ আত্মাৰ ওপৰ এনে ভাৰ
অসিমা থকাত নাই নিস্তাৰ,
 ন খণ্ডে কিচু পাপ;
চিনয়ে গৰ্জে ঘনে ঘন,
ন জনম পাপিৰ প্ৰয়োজন,
 নাইবা অত্যন্ত সাপ।

পবিত্ৰ লোক আনন্দে কই,
প্ৰভুএ কৰে আমাৰ জই,
 অনন্ত সুখৰ আস;
কিন্তু ন জনম প্ৰয়োজন,
এই কথা চিন্তোঁ অনুখন,
 নু গুচে মনৰ ত্ৰাস।

এই ৰুপে পৰি থকা কাল,
মোক দেখিলে প্ৰভু দায়াল,
 তেঁওৰ প্ৰেমত পালোঁ ত্ৰান;
বিধানৰ সাপে মৰা জন
তেঁওৰ ক্ৰিপাত আকও পাই জিৱন,
 তেঁওৰ স্তুতি কৰে গান।
 ন. ব.

ক ৩