পৃষ্ঠা:ধৰম গিত.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
কনাই চকু পোআ।

৯৭

“Mercy, O thou Son of Darid."
Bartimeus. 8, 7.

ক্ৰিপা, হে দাৱিদৰ সন্তান,
 য়িচুি ক্ৰিপা কৰা মোক,
ইয়াক প্ৰভুত ৰিঙ্গিয়াই কলে
 বাৰ্তিমই এক কনা লোক।

তাক অনেকে ডাবি দিলেও
 এটাহ পাৰি থাকিলে;
পাচে য়িচু মাতি আনি,
 তাৰ কি ইচা সুধিলে।

মাগি খাই প্ৰবৰ্তি আচিল,
 তেও নে লাগে এতিয়া ধন;
ক্ৰিপা কৰি চকু দিয়া,
 প্ৰভু, এই মোৰ নিবেদন।

য়িচুৰ মৰম লাগি কলে,
 জি খুজিচা পোআ হল;
সি তাক সুনি দৰ্সন পালে,
 য়িচুৰ পাচত বাটে গল।