পৃষ্ঠা:ধৰম গিত.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
নতুন জনম পোআ।

জাকে বোলোঁ মোৰ ইষ্ট,
সদাই সেয়ে হই ভ্ৰষ্ট;
এনে ৰুপে পাপৰ জাল।
আচিলে মোৰ অনেক কাল।

কিন্তু পাচে ক্ৰিপামই
দেখিলোঁ মই অতিসই;
ওলাই আহি কলে মোক,
ন কৰিবা একো সোক।

তেঁৱে প্ৰেমৰ চুমা দি,
কলে মোক এই কথাটি;
হেৰা দুখি তোমাৰ পাপ
খণ্ডাই মই গুচালোঁ সাপ।

এনে বচন সুনি মই
চেতন পালোঁ অতিসই;
চাই দেখোঁ প্ৰভু খ্ৰিষ্ট,
জি জন মোৰ পৰম ইষ্ট।   ন. ল.