সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
ধৰমি অধৰমিৰ গতি।

৮৮

“There is beyond the sky.”
Siloam, Melody. C. M.

১

আকাসৰ ওপৰত আচে
 বৰ মৰমেৰে ঠাই;
ধৰমি মানুহ মৰিলে
 সেই স্বৰগলৈ জাই।

২

ভয়েৰে আচে নৰকো,
 তাৰ জুইত সাস্তি খাই;
ততি থকা ভূতৰ সঙ্গলৈ
 অধৰ্মি মানুহ জাই।

৩

মই পাপি লোকৰ বাটে গৈ
 কি ৰুপে নিস্তাৰ পাম?
হে ইস্বৰ, বুধি দিয়া মোক,
 সজ পথে তেহে জাম।

৪

ইস্বৰে দায়া কৰিলে
 আনন্দ গতি পাম,
এই জনম গলে মুক্তি হৈ
 অনন্ত স্ত্ততি গাম।  ন. ব.