পৃষ্ঠা:ধনন্তৰী বধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধনন্তৰী বধ।

নেতা বুলি শুনা পদ্মা আমাৰ বচন।
মন দিয়া শুনা কহো ওজাৰ বিবৰণ॥
প্ৰভাতে উঠিয়া ওজা প্ৰাতঃকৃত্য কৰে।
পঞ্চ তোলা মহা বিষ ওজাই ভোজন কৰে॥
অৰ্থ প্ৰহৰত ওজাই স্নানক কৰয়।
সাত তোলা মহাবিষ শৰীৰে ঢালয়॥
আৰু পঞ্চ তোলা বিষ ওজাৰ ভোজন।
এক ঘটি বিষ দিয়া কৰে আচমন॥
আচমন কৰি ওজা মুখে দেই পাণ।
তিনি তোলা বিষ খাই গৰল সমান॥
অমৃত সমান বিষ ধনন্তৰীৰ মনে।
হেন ওজাক কি কৰিতে পাৰে সৰ্পগণে॥
শয়ন কৰয় ওজা উত্তম পালঙ্কে।
কেলি কৰে কৌতূহলে কমলাৰ সঙ্গে॥
কৰ্পুৰ তাম্বুল ভৰি ৰাখে এক বাটা।
তাৰ মধ্যে মহাবিষ ৰাথে এক ছটা॥
এহি মতে নিদ্ৰা যাই পালঙ্কৰ পৰে।
পোৱা ভৰি ৰাখে বিষ বাটাৰ উপৰে॥
বৰ বৰ সৰ্পগণে শুনি হেন কথা।
ধনন্তৰী নামে কেহো নোতোলয় মাথা॥
হেন ওজাক কোন এনে কি কৰিতে পাৰে।
অনুমতি কৰা তুমি ওজা বধিবাৰে॥