পৃষ্ঠা:ধনন্তৰী বধ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধনন্তৰী বধ।

হেন শুনি চিন্তা কৰে জয় বিষহৰি।
নাসাধিলো বাদ নমৰিলা ধনন্তৰী॥
মনে মনে পদ্মাৱতী অপমান কৰি।
মৃত্যু সম হৈয়া চলে আপোনাৰ পুৰী॥
নেতা বোলে শুনা পদ্মা আমাৰ বচন।
মন দিয়া শুনা কহো যত বিবৰণ॥
মাৰিবাৰ বুদ্ধি আছে শুনা এক চিত্তে।
সহেলা পাতিয়া কথা জিজ্ঞাসিবো তাতে॥
ধন্য ধন্য কৰিয়া কহিলা বিষহৰি।
মালিনী স্বৰূপে যোৱ শঙ্খ ওজাৰ পুৰী॥
নানাৰূপে পুষ্প সজ্জা কৰিয়ো সুন্দৰী।
সত্বৰে চলিয়া যোৱা ওজাৰ নগৰী।
পদ্মাৰ বচন নেতা শুনিয়া শ্ৰবণে।
মালিনীৰ ৰূপ নেতা ধৰে তেতিক্ষণে॥
তুলিয়া পুষ্প সব আনিলা সত্বৰে।
পুষ্প তুলি নেতাবতী চাপিলা ওচৰে॥
পুষ্প আনি নেতা মালা গাথিলা ডাঙৰ।
ফুলৰ ৰাচিয়া গাথিলেক চাৰি হাৰ
ফুলৰ হাচটি লৈ ফুলৰ বিচনি।
ফুলৰ চান্দোৱা লৈলা বিচিত্ৰ গাথনী॥
ফুল দিয়া খোপাক বান্ধিলা মনোহৰ।
ফুলৰ বাচিয়া লৈলা দেখিতে সুন্দৰ॥