পৃষ্ঠা:ধনন্তৰী বধ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধনন্তৰী বধ।

 মনে চাৱে মোৰ সঙ্গে বাদ সাধিবাৰে।
 চুন কালি দিবো কানিক চকুৰ উপৰে॥
 সুকবি নাৰায়ণ' দেবৰ বোড়শ পাচালি।
 শিষ্যৰ বচন বুলি একই লেছাৰি॥

দিহা—এ ওজা চলিল ৰে
 শিষ্যক জীয়াইতে ওজা চলিল ৰে॥

 শিষ্যক জীয়াইতে ওজা চলে ধনন্তৰী।
 ঢাক মৃদঙ্গ বাজে শুনে বিষহৰি॥
 কঁকাল ভাঙ্গিলা চালে হেম তালৰ বাৰি।
 তবু লজ্জা নাই তাইৰ ধেমানা ভতেৰী॥
 লঘু কানি তই এত মান গৰ্ব্ব কৰ।
 তোৰ কালকূটক মোহোৰ নাই ডৰ॥
 এত বুলি ধনন্তৰী হুঙ্কাৰ মাৰিলা।
 ছয় কুৰি শিষ্য সব উঠিয়া বসিলা॥
 শিষ্য জীয়াইলা ওজা মহামন্ত্ৰ তেজে।
 ৰথৰ ওপৰে পদ্মা পাই আছে লাজে॥
 পদ্মা বোলে শুনা তুমি নেতাই সুন্দৰী।
 দেব হুয়া মনুষ্যৰ সঙ্গে বাদে হাৰি॥
 বিষ লাগি ধনন্তৰী কিছু নাহি গুণে।
 বিষক বন্ধন কৰে বিষক ভোজনে॥