পৃষ্ঠা:ধনন্তৰী বধ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধনন্তৰী বধ।

দিহা—আজু বৰ প্ৰমাদ মিলিলা।
 কদম্বৰ তলে কানাই দেখা দিলা॥

 ওজাই বোলে প্ৰহৰী তুমি নকৰা ক্ৰন্দন।
 তোৰ দধিৰ যত ধন লোৱা মোৰ ঠান॥
 কডি গণি দিলা ওজা পদ্মা বিদ্যমান।
 কডি লৈয়া পদ্মাবতী হৈলা অন্তৰ্দ্ধান॥
 অন্তৰীক্ষে ৰহে পদ্মা ৰথে কৰি ভৰ।
 এক শিষ্যে কহে আসি ওজাৰ গোচৰ॥
 শিষ্যে বোলে শুনা বাপা ওজা ধনন্তৰী।
 এক গোৱালিনী আছিল দধি বেচিবাৰি॥
 এক গোৱালিনী আছিল দধি বেচিবাৰে।
 সব শিষ্যে দধি কাঢ়ি খাইলা তাহাৰে॥
 দধি খাই শিষ্য সব আছয় ঢলিয়া।
 শীঘ্ৰে আহিলো মই কৈবাক লাগিয়া॥

দিহা—কানাই ঠেকিলা নগৰে।
 শুনিয়া মুৰলীৰ ধ্বনি ৰৈতে নাৰি ঘৰে॥

 ওজাই বোলে শুনিলো মই যত বিবৰণ।
 বিষ লই কানি আহিল মোহোৰ ভবন॥
 কালকূট বিষ বুলি নাজানে শিষ্যগণে।
 গোৱালিনীৰ ৰূপে দধি দিলা সৰ্ব্বজনে॥