সমললৈ যাওক

পৃষ্ঠা:ধনন্তৰী বধ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধনন্তৰী বধ।

তড়িৎ গমনে যায়  ৰৈয়া ৰৈয়া গুয়া খাই
 পাইলা যাই ওজাৰ নগৰী।
ওজাৰ ছয় কুড়ি শিষ্য  সৰ্প মাৰি খাই বিষ
 দেখিলেক জয় বিষহৰি॥
মনে ভাবে বিষহৰি  অন্তৰে আনন্দ কৰি
 বোলে দধি কে ৰাখিবে মোৰে।
ৰূপ দেখি বিচক্ষণ  মোহ গৈলা শিষ্যগণ
 দিয়া দধি খাও এতিক্ষণ॥
কেহো দধি কাঢ়ি খাই  কেহো কেহো হাত বায়
 কেহো বোলে দিয়া আলিঙ্গন।
মনে ভাবে বিষহৰি  অন্তৰে আনন্দ কৰি
 কপটেতে যুৰিলা ক্ৰন্দন॥
ক্ৰন্দন কৰিয়া গৈলা  ধনন্তৰীৰ আগে কৈলা
 শুনা ওজা মোহোৰ বচন।
তোমাৰ শিস্যবোৰে  দধি কাঢ়ি খাইলা মোৰে
 দধি খাই নেদিলেক ধন॥
ওজাই বোলে প্ৰহৰী  কোথা তোৰ ঘৰ বাৰী
 কিবা নাম কোৱা মোৰ ঠাই।
মাধবী নগৰে ঘৰ   কমলা নাম মোৰ
 দধি বেচোঁ জাতি গোৱালিনী॥
নিতে নিতে আহো যাও  দধি বেচি কড়ি লও
 কৈলো ওজা সমুচিত বাণী।
নাৰায়ণ দেবে কয়   সুকবি বল্লভ হয়
 নাৰায়ণ দেবৰ সুবচন॥