সমললৈ যাওক

পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ধনন্তৰী বধ।

ত্ৰিভুবনে জানে তাক ধনন্তৰী বেজ।
কণ্ঠ মধ্যে নাহি চাৰে মহামন্ত্ৰ তেজ॥
কলৰ ভুৰক বান্ধি দেহতো ভাসাইয়া।
যৈতে তৈতে লাগ পাইলে পঠাবো জীয়াবা॥
সন্ন্যাসীৰ বচনে ওজাক ভাসাইয়া দিলা।
ত্ৰিৰাত্ৰি অশৌচ খাটি সবে শুদ্ধ ভৈলা॥
ওজাক ভাসায়া জ্ঞাতিগণ গৈলা ঘৰে।
ভাসিয়া চলিলা ওজা গুঞ্জৰী সাগৰে॥
গুঞ্জৰী সাগৰে ওজা যাইতো ভাসিয়া।
ভাটী পাকে নেতাবতী তোলে ধান দিয়া॥
পেট গোট ফালি তাক ৰাখিলা শুকাইয়া।
ধনা ৰাক্ষসীৰ ঘৰে এৰিলা গটায়া॥
নাৰায়ণ দেবে কয় যোৰশ পাচালি।
পয়ৰ প্ৰবন্ধে পদ একই লেছাৰি॥

দিহা—ধনন্তৰী বধ কৰি  কৌতুক কৰে বিষহৰি
আনলিতে হাসয় মনসা।
এখনে সাধিলো কাজ  চন্দ্ৰধৰ হৈবো লাজ
আৰ বাদ নকৰে সাহস॥

মহা জ্ঞান লৈলো তাৰে  ওজা নাই জীয়াবাৰে
কপট কৰি বুদ্ধি কৈলো নাশ।
কাল পাণ্ডুচলা ধাইয়া  ছয় কুমাৰ আসা খাইয়া
তৰে চান্দো হৈৰেক নৈৰাশ॥