সমললৈ যাওক

পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
ধনন্তৰী বধ।

দিহা—হায়ৰে ৰঘুনাথ বিনে শৰণ লৈৰো কাৰে।

ধনন্তৰীৰ পুৰোহিত নামে পীতাম্বৰ।
ধৰি দিবা লোৱা ওজাক গুঞ্জৰীৰ তীৰ॥
অগৰু চন্দন কাঠ লোৱা পূৰ্ণ কৰি।
গুঞ্জৰীৰ পাৰে লোৱা ধৰাধৰি কৰি॥
ধনন্তৰীক স্নান কৰাইলা গঙ্গাজলে।
শয়ন কৰালা তাক উত্তৰক শিৰে॥
নেতা বোলে শুনা পদ্মা আমাৰ বচন।
নিশ্চিন্ত হৈ তুমি ৰৈলা কি কাৰণ॥
সুন্দৰ শৰীৰ তাৰ অগনিত হৈলা নাশ।
তুমি পাবা বাপৰ স্থানে বৰ অপযশ॥
নেতাৰ বচন পদ্মা শুনিয়া শ্ৰবণে।
সন্ন্যাসীৰ বেশ পদ্মা ধৰে তেতিক্ষণে॥
দণ্ড কমণ্ডলু হাতে শিৰে শোভে জটা।
গলে ৰুদ্ৰাক্ষৰ মালা কপালত ফোটা॥
কটিত কফিন গাৱে ভস্ম ভূষণ।
কৰে যজ্ঞশালা গাৱে নাহিকে বসন॥
তামৰ অঙ্গুৰী হাতে ফটফট কৰে।
কৰঙ্গে কফিন দণ্ড কান্ধৰ উপৰে॥
মায়া কৰি গৈলা পদ্মা সন্ন্যাসীৰ বেশে।
গুঞ্জৰী সাগৰ পাৰে ভৈলন্ত প্ৰৱেশে॥
ডাক দিয়া সন্ন্যাসিনী লাগে কহিবাৰে।
উচিত নহয় ধনন্তৰী পুড়িবাৰে॥