পৃষ্ঠা:ধনন্তৰী বধ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ধনন্তৰী বধ।

কেহো বোলে ঝান্তে মাৰা কমলা সুন্দৰী।
সহেলা পাতিয়া বধিলা ধনন্তৰী॥
যত সৰ্প ৰাখিয়াছে ধনন্তৰী ওজা।
শিষ্য সবে আনিলেক বৰ বৰ বোজা॥
ক্ৰোধ কৰি শিষ্য সবে সৰ্পগণ মাৰে।
তোৰ কাণীৰ বিবাদে আমাৰ গুৰু মৰে॥
দৈবৰ নিৰ্ব্বন্ধ কেহো খণ্ডাইতে নাপাৰে।
আয়ু শেষ হইলে সকল লোক মৰে॥
ৰজনী প্ৰভাত ভৈলা ৰবিৰ কিৰণ।
হেনকালে ধনন্তৰী তেজিলা জীৱন॥
চতুৰ্দ্দিকে বেঢ়ি সবে কৰয় ক্ৰন্দন।
গোত্ৰ মিত্ৰ বন্ধু আৰু যত জ্ঞাতিগণ॥
কোপ কৰি কহিতে লাগিলা যত জ্ঞাতি।
পোৰা লৈয়া কমলাক ওজাৰ সংহতি॥
যেজনে মাৰিয়া থাকে আপোনাৰ পতি।
ভূমিত পৰিয়া কেনে কান্দে দিনে ৰাতি॥
বৃদ্ধজন সকলে লাগিলা কহিবাৰে।
সতী কন্যা কমলাক কে পুৰিতে পাৰে॥
আমি জানো কপট কৰিলা বিষহৰি।
মায়া কৰি যুজিলেক নাগৰ ঈশ্বৰী॥
কহে দেব নাৰায়ণে মনসাৰ দাসে।
প্ৰবন্ধে পাচালি পদ কৰিলা প্ৰকাশে॥