ছয় তোলা বিষ দিলা উদয় কালৰ তৰে।
পদ্মাৰ চৰণ নাগে বন্দিলেক শিৰে ॥
যান্ত কৰি উদয় কাল কৰিলা গমন।
মন দিয়া শুনা কহো ওজাৰ বিবৰণ॥
সাত তোলা বিষ দিয়া অন্নক ৰান্ধিলা।
অন্নক ৰান্ধিয়া ওজা বাহিৰে আসিলা॥
অন্ন বাঢ়ি ওজা গৈলা শিষ্যক ডাকিতে।
এক গোটা অন্ন তাৰ হৰে আচম্বিতে॥
হস্ত ধুই ওজা গৈলা অন্ন খাইবাৰে।
ঐসন্য কোণাত জেঠি টিকে তিনিবাৰে॥
কালে ধৰিবেক যাক কি কৰে জীৱনে।
উদয় কাল নাগৰ হাতে ওজাৰ মৰণে॥
হেনকালে পদ্মাবতী উদয় কাল লৈয়া।
ধনন্তৰী ঘৰে পদ্মা প্ৰৱেশিলা গৈয়া॥
ঘৰৰ উপৰে পদ্মা নাগৰ লেঞ্জৌ ধৰি।।
চিয়ানি ফালিয়া নাগক দিলা এৰি॥
অন্ন খাই ধনন্তৰী আসিলা সত্বৰে।
শূন্য চাই কামোৰ মাৰিলা ব্ৰহ্মদ্বাৰে॥
আচম্বিতে ধনন্তৰী চমকি উঠিলা।
কিসে খাইলা বুলি ওজা চতুৰ্দ্দিকে চাইলা॥
বিষে ব্যথা পাই তবে ওজা ধনন্তৰী।
মায়া কৰিয়া খায়া চলিলা বিষহৰি॥
নাৰায়ণ দেবে কয় যোড়শ পাচালি।
ওজাৰ ক্ৰন্দন বুলি-একই লেছাৰি॥
পৃষ্ঠা:ধনন্তৰী বধ.djvu/২৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
ধনন্তৰী বধ।