পৃষ্ঠা:ধনন্তৰী বধ.djvu/২৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
ধনন্তৰী বধ।

ত্বৰিত গমনে যাই  খনে খনো ঘাস খাই
 চকু ফুৰাই চতুৰ্দ্দিকে চাই।।
দুৱাৰৰ দক্ষিণে  যত্ন কৰি সেহি স্থানে
 প্ৰৱন্ধ কৰিয়া সেহি ঠাই॥
মায়াৰূপে ঘাস খাই  ঔষধক লাগ পাই
 ডালে মূলে খাইলা উভাৰি।
ঔষধ চোবাই খাই  দশো দিশে গন্ধ যাই
 গন্ধ পাইলা ওজা ধনন্তৰী॥
হাতত ডং লৈয়া  ধনন্তৰী গৈলা ধাইয়া
 লেঞ্জ ভিডি দিলেক লৱড।
লাগ নাপাইলা যাই  নেতা গৈলা পলাই
 দেখি ওজা কৰে হাহাকাৰ॥
মনত বিষাদ কৰি  কান্দে ওজা ধনন্তৰী
 হাতত হৰাইলো নব নিধি।।
নাৰায়ণ দেবে কয় সুকবি বল্লভ হয়
 ধনন্তৰীৰ লাগিলেক বিধি॥

দিহা—আজু কেনে মুৰলীৰ ধ্বনি এ ঘনে বাজে॥
 ঔষধ হৰিয়া নেতা হৰষিত মন।
 পদ্মাৰ নিকটে যাই কহে বিবৰণ॥
 নেতাৰ বচন পদ্মা শুনিয়া শ্ৰবণে।
 বিষৰ গৰল পদ্মা আনে তেতিক্ষণে॥