পৃষ্ঠা:ধনন্তৰী বধ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
ধনন্তৰী বধ।

প্ৰণাম কৰিলা পদ্মা বাপৰ চৰণে।
নাগ লৈ পদ্মা চলে নগৰ দক্ষিণে॥
উদয় কালে বোলে মাও জয় বিষহৰি।
ধনন্তৰী ওজাক আমি বধিতে নাপাৰি॥
যেহি দিনা ওজা মোক মন্ত্ৰবলে আনে।
ছয় তোলা বিষ মোৰ টুটিলা পৰাণে॥
দুৱাৰ পশ্চিমে আছে ঔষধৰ ঠাই।
যাৰ গন্ধে নাগগণ পাতালে লুকাই॥
তেতিক্ষণে পদ্মাবতী হৰষিত মন।
পূৰ্ব্বে মোৰ বৈৰী ওজা বধিবো জীৱন॥
পদ্মা বোলে শুনা নেতা কাতৰ নহওঁ।
ঔষধ হৰিবো আগে তুমি পাছে যাও॥
নেতাক ডাকিয়া বোলে জয় বিষহৰি।
ঔষধ হৰণ কৰা গাভী ৰূপ ধৰি।
পদ্মাৰ বচন নেতা শুনিয়া শ্ৰবণে।
গাভীৰূপে চলে নেতা ওজাৰ ভবনে॥
সুকবি নাৰায়ণ দেবৰ ষোড়শ পাচালি।
ঔষধ হৰণ বুলি একই লেছাৰি॥

দিহা—ঔষধ হৰিতে বুলি  নেতা গাভীৰূপ ধৰি
চলি যাই ওজাৰ নগৰী॥