পৃষ্ঠা:ধনন্তৰী বধ.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ধনী বধ। ছয় তোলা বিষে অল্প কহ ভোন। অবসৰ মুহিবেক এক গোটা অল্প। তাৰ এক গোটা অন্ন যেহি দিনা টুটে। এহি উদয় কালে খাইবো তোমাৰ ললাটে। বাক্য মুশুনিয়া সৰ্প নিলিহি সত্বৰে। সেহি নাগে খাইবো তোমাৰ ব্ৰহ্মদ্বাৰে। হাতে লাগ না পাইবা চক্ষে নেদেখিবা। সেহি দিনা তাৰ হাতে মৰণ লভিবা। ক্ৰোধ কৰি পৰীক্ষিতে কহে জনে জনে। যথা পাওঁ উদয় কাল মাৰহ পৰাণে। ৰাজা দোলে ওজা তুমি চলি যোৱা ঘৰে। উদয় কালক থও আনি মহাদেৱৰ শিৰে। তাক কাৰৰ আনিবাৰ নাহিকে শকতি। ইন্দ্ৰ আলি দেব যদি আসে প্ৰজাপতি। অপোনাৰ মৃত্যু কথা সকলে কহিলা। গুপ্ত বেশে পদ্মাৱতী সকলে শুনিলা। মনে মনে হাসিতে লাগিল বিষহৰি। কাৰ্যসিদ্ধি ভৈলা বধিলো ধনী। নেতা পদ্ম দুইজনে কৰিলা গমন। শীঘ্ৰগতি চলি গৈলা আপন ভবন। আপোনা বিশ্বাস কথা প্ৰীৰ আগে কয়। চৌগ পুৰুষ তাৰ নৰকে পৰয়।