পৃষ্ঠা:ধনন্তৰী বধ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ধনন্তৰী বধ।

বিশ্বাসঘাতক হয় যত তিৰি জাতি।
পুৰুষক বধ কৰি ৰাখয় খিয়াতি॥
কিবা শিশু কিবা যুবা কিবা বৃদ্ধজন।
তিৰিত বিশ্বাস কৈলে অৱশ্যে মৰণ॥
পুৰাণৰ যত কথা শুনা সৰ্ব্বজন।
ধনী মৰিলেক নাৰীৰ কাৰণ॥
সুকবি নাৰায়ণ দেবৰ ষোড়শ পাচালি।
পয়াৰ প্ৰৱন্ধে পদ একই লেছাৰি॥

দিহা—বাড়ীৰ বাহিৰ হৈয়া,  নেতা পদ্মা কহে ৰৈয়া
 কাৰ্য্যসিদ্ধি ভৈলা অনুমানি।
যোৱা তুমি বাপৰ আগে  মাগিয়া আনহ নাগে
 খণ্ডিবোক ওজাৰ বল খানি॥

যোৱা তুমি শিবৰ পুৰী  উদয় কালক আনা ধৰি
 ধনন্তৰীৰ বধিবো জীৱন।
শুনা বৈনী বিষহৰি  আগে মাৰা ধনন্তৰী
 পাছে মাৰা সব শিষ্যগণ॥
যদি ধনন্তৰী মৰে  সদাগৰৰ বুদ্ধি হবে
 পাছে মাৰা ই ছয় কুমাৰ।
লজ্জা পাইয়া অধিকাৰী  শুনা বৈনী বিষহৰি
 তবে পূজা কৰিবৰ তোমাৰ॥