পৃষ্ঠা:ধনন্তৰী বধ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ধনন্তৰী বধ।

উদয় কাল নাগক মই মেলিলো কুক্ষণে।
ঔষধ নামানে মোৰ মন্ত্ৰক নুশুনে।
ক্ৰোধ কৰি সৰ্প গোটে দিলোহে চাৰিয়া।
বিভাণ্ডক ঋষিৰ পাশে প্ৰৱেশিলা গৈয়া॥
দৈবৰ নিৰ্ব্বন্ধ কথা নাযাই খণ্ডন।
অৰণ্যৰ মাজে বিভাণ্ডক তপোধন॥
তাহাৰ খাটৰ তলে ৰৈলা উদয় কালে।
সৰ্পৰ লেজত ধৰি টানিলোহো বলে।॥
খাটৰ খুৰায়ে আছে উদয় কালে ধৰি।
টানিতে লাগিলো আমি অতি ক্ৰোধ কৰি॥
আসন ঢলিলা তাৰ মেদিনী কাঁপিলা।
সেহি কোপে মুনিবৰে আমাক সাপিলা॥
ক্ৰোধ কৰি মুনিবৰে লাগে কহিবাৰ।
কহ কোন পুৰে থাকা কোন পুৰে ঘৰ॥
ধনন্তৰী নাম মোৰ শঙ্খপুৰে ঘৰ।
সৰ্প ধৰি খেলা খেলাও এই কৰ্ম্ম মোৰ॥
মুনি বোলে অঙ্গ সৰ্প ধৰিয়া খেলাও।
মোত শৰণীয়া সৰ্প তাক এৰি যাওঁ॥
নামানি মুনিৰ বাক্য ধৰি উদয় কালে।
সোহ কোপে মুনিবৰে আমাক সাপিলে॥
উদয় কাল নাগ ৰৈ মোৰ খাটৰ তলে।
সেহি সৰ্পে খাইবো ওজা তোমাৰ কপালে॥