সমললৈ যাওক

পৃষ্ঠা:ধনন্তৰী বধ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ধনন্তৰী বধ।

শুনা ওজা স্বৰূপে   তোমাত পুচিবো গুপ্তে
 জীৱন মৰণ কাৰ হাতে।
যদিবা নকহা ভেদ  গলত কৰিবো ছেদ
 দিব প্ৰাণ তোমাৰ সাক্ষাতে॥
তেজিয়া কপট মায়া  সাদৰে কৰিয়ো দায়া
 নুহি তেবে প্ৰাণ কৰো হত।
ওজা বোলে কমলা  কেন তুমি উত্ৰাৱল
 নাজানাহা কোন ব্যৱহাৰ।
বেদে আছে নিয়ম  তিৰিত নকহে মন
 কাৰো তিৰি নহে আপোনাৰ॥
স্বামী চাৰে অলঙ্কাৰ  যাই নাৰী মৰিবাৰ
 ওজাই নকহে মৰ্ম্ম কথা।
নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 দেখিতে শুনিতে লাগে ব্যাথা॥

দিহা—ভব তৰিবাৰ সুখে, ৰামৰ নাম জপ ঘন মুখে।
 ওজাই বোলে আমাৰ কহিতে লাগে ভয়।
 আপোনাৰ মৃত্যু কথা কহন নাযায়॥
 আমাৰ মৰণ কথা কেহো নজানয়।
 যদি কোন স্থানে কহ ধৰ্ম্মৰ দোহায়॥
 যেন মতে মৃত্যু আছে শুনহ সুন্দৰী।
 যি কাৰণে উদয় কাল মোৰ তৈলা বৈৰী॥
 অভিমন্যু পুত্ৰ ৰাজা হস্তিনা নগৰে।
 ৱসৰ্পক খেলাই গৈলো তাহাৰ গোচৰে॥