পৃষ্ঠা:ধনন্তৰী বধ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধনন্তৰী বধ।

বিদায় হৈয়া নেতাবতী চলিলা বাহিৰে।
নেতা পদ্মা দুয়োজনে হাসিল বিস্তৰে॥
নেতাক দেখিয়া পদ্মা লাগে কহিবাৰ।
কি কথা কহিলা বৈনী কমলা গোচৰ॥
নেতা বদলে শুনা তুমি জয় বিষহৰি।।
সহেলাৰ যত দ্ৰব্য আনা শীঘ্ৰ কৰি॥
হেন শুনি পদ্মাবতীৰ হৰষিত মন।
সহেলাৰ যত দ্ৰব্য আনে তেতিক্ষণ॥
ধেমাই নাগক পদ্মাবতী সত্বৰে পঠাইলা।
কাল পাণ্ডু দুই নাগক ডাকিয়া আনিলা॥
কাল পাণ্ডু দুইজনে কৰে নমস্কাৰ।
পদ্মাৰ চৰণে পৰি পৰি শতবাৰ॥
আমাত হন্তে হোৱে মাতা কোন উপকাৰ।
আজ্ঞা কৰা সেহি কৰ্ম্ম সাধিবো তোমাৰ॥
পদ্মা বোলে শুনা নাগ খোৱা গুৱা পান।
সহেলাৰ যত দ্ৰব্য আনা এতিক্ষণ॥
দেবৰ বিষম মায়া কে বুজিতে পাৰে।
সহেলাৰ যত দ্ৰব্য আনিলা সত্বৰে॥
সহেলাৰ যত দ্ৰব্য কৰিলা সম্ভাৰ।
চলিলা মাও দেবী সখি কৰিবাৰ॥
সুকৰি নাৰায়ণ দেবৰ ষোড়শ পাচালি।
পদ্মাৰ চলনা বুলি একই লেছাৰি॥