সমললৈ যাওক

পৃষ্ঠা:ধনন্তৰী বধ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধনন্তৰী বধ।

মাধবী নগৰে ঘৰ   ধন কড়ি বিস্তৰ
  সহেলা পাতহ শীঘ্ৰ কৰি॥
আমিও দেখোহো ভাল  ব্ৰাহ্মণী উত্তম কুল
  শুনা তুমি আমাৰ বচন।
শুনি নেতাৰ বচন  কমলাৰ আনন্দ মন
  অঙ্গীকাৰ কৰে তেতিক্ষণ।
কমলাৰ লাগিলা কালে  নাৰায়ণ দেৱে বলে
  ওজাৰ মৃত্যু নাৰীৰ কাৰণ॥

দিহা—কালা গোপিনীৰ মন মোহিলা ৰে শ্যাম
 কমলা সুন্দৰীৰ মন মোহিলা।

কমলা কহিলা কথা নেতাবতীৰ ঠাই।
সহেলা কৰিতে আমি পূৰ্ব্ব হৈতে চাই॥
আমাৰ সমান সে নাপাইলো কোথা।
সহেলা পাতিতে আমি আছি যে সৰ্ব্বথা।
এখনে কৈবা যাই আমাৰ বচন।
শীঘ্ৰ কৰি আহোক সখি আমাৰ ভুবন॥
কমলা বোলয় শুনা মালিনী সুন্দৰী।
ভাল হয় সখি পাওঁ ব্ৰাহ্মণ কুমাৰী॥
ভৃঙ্গাৰ সহিতে গঙ্গা জল দিল আনি।
নানা অলঙ্কাৰ দিলা সুবৰ্ণৰ মণি॥