পৃষ্ঠা:ধনন্তৰী বধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ধনন্তৰী বধ।

দিহা—চলিলা মনসা দেবী সখি কৰিবাৰ।
 আগে পদ্মা পাছে নেতা চলে ধীৰে ধীৰ॥
 চলিলা মনসা দেবী সখি কৰিবাৰে।
 যিমতে বামন চলে বলিক ছলিবাৰে॥
 পাঞ্চ শব্দে বাদ্য বাজে নানান বাদ্যধ্বনি।
 সহেলাৰ গীত গাই যতেক ৰমণী॥
 আম পকা ফল লৈলা গুৱা নাৰিকল।
 ভাণ্ড ভৰি দুগ্ধ লৈলা আৰু লৈলা কল॥
 ত্বৰিতে বাচিয়া লৈলা অনেক কাপোৰ।
 বিচিত্ৰ কাপোৰ আনি লৈলেক বিস্তৰ॥
 সাত সৰী হাৰ লৈলা সুবৰ্ণে ৰচিত।
 সুবৰ্ণৰ মুঠি লৈলা অতি অদভূত॥
 ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি জাতি।
 চাৰি জাতিৰ কন্যা চলে পদ্মাৰ সংহতি॥
 বিদ্যাধৰী নৃত্য কৰে গন্ধৰ্ব্বে গাই গীত।
 সহেলা পাতিতে পদ্মা মনে আনন্দিত॥
 হৰষিতে চলে পদ্মা কমলাৰ পুৰে।
 সহেলাৰ কৰ্ম্ম দেখি লাগে চমৎকাৰে॥
 পদ্মা বোলে শুনা নেতা আগে চলি যোৱা।
 কমলাৰ আগে গৈয়া বাতৰি জনোৱা॥
 পদ্মাৰ বচনে নেতা সত্বৰে চলিলা।
 সখি আসিলা বুলি কমলাত কৈলা॥