পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৮১)

অস্তাচলত কৰুণ কান্তি,—
কাণ্ডাৰী মোৰ তন্দ্ৰা-বিভোৰ,—
চৌদিশে কি গভীৰ শ্ৰান্তি!
অন্ধ যাত্ৰী তিমিৰ ৰাত্ৰি
সুদূৰত গায় বিদায়-গানটি।
বাৰিধি ব্যোম নিদ্ৰা-মগন,
বিস্মৃতিৰ ৰাহু গ্ৰাসত
সংজ্ঞা লুপ্ত বিশ্ব-ভুৱন,
চাপি আহে কৰাল ছাঁয়া
লুকায় মায়া ভুল-ভ্ৰান্তি;
উৰ্ম্মি-বিহীন ক্লান্ত সিন্ধু,
দিক-চক্ৰ শয়ান ইন্দু—
অন্তিম আসন  বঙ্কিম আনন
পাংশু বয়ান নিশ-বন্ধু—
মাগে চিৰ-নিবিড় শান্তি !

শাওন, ১৮৫১ শক]