পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(৭৯)

এই সন্ধিয়া কলৈ বন্ধু,—
যাবা অকল সৰে?
বিদায়-পৰত নিমাত হলা,—
কিহে বচন হবে?
কোনটি বাটৰ পথিক হলা
নাচাই তিথি বাৰ,—
পৰি থাকিল ধন জন
পুত্ৰ-পৰিবাৰ!
তেজি সকলোৰে মায়া
উদাস হলা অৱশ কায়া,
মুখত ভাহে  কলা ছাঁয়া,
শ্বাসে উজাই ধৰে,
চকু ঘোলা পৰে,
বন্ধু নাকৰ পাহ পৰে।
নিসম্বল নিৰাশ্ৰয়,—
যাবা অকল’সৰে!

ফাগুন, ১৮৫৭ শক ]