পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৵৹

হয়তো আধ্যাত্মিক বা পাৰমাৰ্থিক চিন্তাৰ বিষয় অনুভৱ কৰিৱও পাৰে।

 এই পুথি কেইখন প্ৰকাশ কৰাত যিসকল বন্ধুৰ সহায় আৰু উদগনি পাইছোঁ, তেওঁলোকৰ কেবাজনৰো নাম “প্ৰতিধ্বনিৰ” পাতনিত উল্লেখ কৰা হৈছে। এই বিলাক গীতৰ প্ৰতি আগ্ৰহ দেখুৱা সাহিত্যিক আৰু সদাশয় গায়ক সকলোকে ৰচকৰ আন্তৰিক শলাগ জনোৱা হল।

 পাঠক আৰু গায়ক সকলৰ সুবিধাৰ বাবে এই পুথিৰ শেষভাগত পৰিশিষ্ট দুটা যোগ কৰা হৈছে;— (ক) পৰিশিষ্টত গীতবলাকৰ বৰ্ণানুক্ৰমে সূচীপত্ৰ দিয়া হল, আৰু (খ) পৰিশিষ্টত এই পুথিৰ আৰু প্ৰতিধ্বনি পুথিৰ যিবিলাক গীত বিশেষ উপলক্ষ্যত নাইবা উল্লেখযোগ্য অনুষ্ঠানত গোৱা হৈছিল তাৰে কিছুমানৰ পৰিচয় দিয়া হল। ইতি—

আহিন, ১৮৬১ শক]

ৰাইজৰ বিচাৰাধীন
শ্ৰীউমেশ চন্দ্ৰ চৌধাৰী