পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিবেদন

 ইয়াৰ আগতে প্ৰকাশ কৰা গীতৰ পুথি “প্ৰতিধ্বনিৰ’’ পাতনিত ৰচকৰ জনাব লগীয়া প্ৰায় ভাগ কথা প্ৰকাশ কৰা হৈছে। “দেৱধ্বনি’’ পুথিত ৰচকৰ ৮৭টা গীত গোটাই দিয়া হল। “প্ৰতিধ্বনি’’ত প্ৰকাশ হোৱা গীত বিলাকতকৈ ইয়াৰ গীতবিলাক কিছু গধুৰ ভাৱৰ বুলি অনুমান কৰি ইয়াক পৈণত সকলৰ কাৰণে বিশেষকৈ যুগুত কৰা হৈছে।

 ইয়াৰ গীতবিলাক সজাওঁতে তলত লিখা ক্ৰম ধৰা হৈছে— আৰম্ভণতে জাতীয় আৰু সামাজিক ভাৱৰ গীতবিলাক যথাক্ৰমে “আৱাহন” আৰু “জাগৰণ’’ তৰঙ্গত দিয়া হল, তাৰ পাচত “সোঁৱৰণ” তৰঙ্গত স্মৃতি আৱেগৰ, আৰু “উদ্বোধন” তৰঙ্গত আনন্দ উল্লাসৰ গীতবিলাক দিয়া হৈছে; শেষৰ ফালে যথাক্ৰমে “অন্বেষণ’’ “সমৰ্পণ” আৰু “সমাপন’’ তৰঙ্গত গভীৰতৰ অনুভূতিৰ ধাৰা বিলাক ক্ৰমে সুস্থিৰ সমাপ্তিৰ ফালে বোৱাই দিয়া হৈছে।

 দৰাচলতে প্ৰতিধ্বনি আৰু দেৱধ্বনি পুথি দুখন পৰম্পৰ অঙ্গাঙ্গী আৰু অনুগামী;—প্ৰতিধ্বনিৰ গীত বিলাকত ভাৱৰ ধাৰ যিমানলৈকে গৈছে, দেৱধ্বনিত তাৰ পাছৰ ধাৰাবিলাক বুলাই নি যথাসম্ভৱ শৈশৱৰ পৰা বাদ্ধক্যলৈ মানৱ চিন্তাৰ চলন্ত ধাৰাটি ৰক্ষা কৰিবলৈ চেষ্টা কৰা হৈছে। এই চেষ্টা কিমান দূৰ ফলৱতী হল, ভাবুক সকলে বিচাৰ কৰিব।

 চলিত প্ৰথামতে ইয়াৰ কোনো গীতকে “জাতীয় সঙ্গীত’’ বা “ধৰ্ম্মসঙ্গীত’’ ইত্যাদি পৰ্য্যায় ভুক্ত কৰি দেখুৱা নাই; কিন্তু অন্বেষণ, সমৰ্পণ আৰু সমাপন তৰঙ্গৰ গীত বিলাকৰ ভিতৰত ভাবুক সকলে